অসম জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ সহযোগত আৰু ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আজি গুৱাহাটী পাঞ্জাবাৰী স্থিত শ্ৰীমন্ত শঙ্কৰদেৱে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগহত বৰ্ণাঢ্য কাৰ্যসূচীৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) আদি বিভাগৰ মন্ত্ৰী ডা: ৰণোজ পেগুয়ে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে মই এজন জনজাতীয় সমাজৰ প্ৰতিনিধি হিচাপে বীৰ বিৰছা মুণ্ডাৰ জন্মদিৱসটি জনজাতীয় গৌৰৱ দিৱস ৰূপে ৰাষ্ট্ৰীয় স্তৰত পালনৰ বাবে লোৱা সিদ্ধান্ত আৰু প্ৰচেষ্টাৰ বাবে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সবল আৰু শক্তিশালী নেতৃত্বৰ দ্বাৰা বৰ্তমান জনজাতি লোকসকলৰ সমস্যা সমূহ সমাধানৰ প্ৰয়াস কৰাৰ উপৰিও তেওঁলোকৰ জীৱন শৈলীত প্ৰগতি আৰু উন্নয়নৰ এক নতুনত্ব আনিবলৈ সক্ষম হৈছে।তেওঁ আৰু লগতে কয় যে জনজাতি লোকসকলে প্ৰকৃতিকৰ বুকুৰ মাজত থাকি আৰু ইয়াৰে লগত মিলি থাকি ভাল পাই । য’ত জনজাতি লোকসকল আছে তাতে এক সুন্দৰ প্ৰকৃতিৰ পৰিৱেশ আছে। তেওঁ আৰু উল্লেখ কৰে যে ভাষা মানে গৌৰৱ সেয়েহে আমি আমাৰ নিজৰ ভাষাক লৈ গৌৰৱবোধ কৰিব লাগে। আজিৰ এই অনুষ্ঠানত জেষ্ঠ জনজাতীয় বিশিষ্ট ব্যক্তি ক্ৰমে পাণ্ডৱ ৰাভা, পদ্ম পাটৰ, থানেশ্বৰ বড়ো আৰু নামেশ্বৰ পেগুক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সদৌ অসম ট্ৰাবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰী, জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ সচিব বিনীতা পেগুৰ লগতে অনান্য ব্যক্তি সকল উপস্থিত থাকে।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS