স্বৰ্গদেউ চুকাফাই যি সমন্বয় নীতি প্ৰদান কৰি গৈছে আমি তাৰ দ্বাৰা উদ্বুদ্ধ হ’ব লাগিব।দক্ষিণ পূব এছিয়াত আহোম সকলে শাসন ব্যৱস্থাৰ জৰিয়তে শক্তিশালী ইতিহাস ৰচনা কৰি গৈছে।এই মন্তব্য মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ।চৰাইদেউত আজি কেন্দ্রীয়ভাৱে আয়োজিত মে ডাম মে ফি অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ৪২ গৰাকী স্বৰ্গদেউৰ স্মৃতি সুৰক্ষিত কৰাৰ অৰ্থে স্মৃতি ক্ষেত্র নিৰ্মাণৰ কৰা হ’ব।সাতামপুৰুষীয়া মূল্যবোধক জীয়াই ৰাখিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি চৰকাৰৰ বিভিন্ন পদক্ষেপ সমূহক আলোকপাত কৰে।আজিৰ অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংশাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী,সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলে,দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন,সাংসদ তপন গগৈ,যুৱ কল্যাণৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, বিধায়ক নৱনীতা সন্দিকৈ,কুশল দুৱৰী আদিকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- অসমৰ সংবাদ জগতত চাণক্যৰ আত্মপ্ৰকাশ
- ৰাজপথত পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ আৰম্ভ
- জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন
- ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা ‘তৃতীয় নিৱাস’ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- পলাশবাৰীৰ বৰকুছিত আৰক্ষী -প্ৰশাসন, সাংবাদিক, নিউজ পৰ্টেলৰ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি
- গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত অনুষ্ঠিত হ’ল প্ৰীতি ক্ৰিকেট খেল
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন