ৰাজ্যিক চলচ্চিত্র নীতিৰ সন্দৰ্ভত আলোচনা চক্ৰ ৰাজ্যিক চলচ্চিত্র নীতিক অধিক গতিশীল কৰি তোলাৰ বাবে সকলকে আহ্বান সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ

0 130

অসম ৰাজ্যিক চলচ্চিত্র নীতি ২০১৯ ক অধিক গতিশীল কৰি তোলা আৰু এই ক্ষেত্রত বৰ্তমানৰ চলচ্চিত্র নীতিৰ সংশোধনী অনাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত গুৱাহাটীৰ খানাপাৰাৰ প্ৰসাশনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম ৰাজ্যিক চলচ্চিত্র আৰু বিত্ত উন্নয়ন নিগমৰ উদ্যোগত এক আলোচনা চক্র আজি অনুষ্ঠিত হয়। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আদি বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই আলোচনা চক্রত চলচ্চিত্রৰ সৈতে জড়িত ভালেসংখ্যক পৰিচালক, প্ৰযোজক, কলা কুশলী তথা সাংবাদিকে অংশগ্রহণ কৰি বৰ্তমানৰ চলচ্চিত্র নীতিৰ সন্দৰ্ভত আৰু ইয়াৰ সংশোধনী সন্দৰ্ভত মতামত তথা বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
আলোচনা চক্ৰ খনত মন্ত্রী বিমল বড়াই অসমীয়া চলচ্চিত্ৰৰ বিকাশৰ বাবে এখন ফলপ্ৰসূ চলচ্চিত্র নীতি কাৰ্য্যকৰী কৰাৰ দিশত চৰকাৰৰ সদিচ্ছাৰ কথা দোহাৰে।অসমত ছবিঘৰৰ সমস্যাৰ কথা উল্লেখ কৰি আলোচনাত অংশ গ্ৰহণ কৰা সৰহভাগ বক্তাই চৰকাৰী আৰু ব্যক্তিগত যৌথ উদ্যোগত ছবি গৃহীত নিৰ্মাণৰ পোষকতা কৰে।
প্ৰডিউচাৰ্ছ কাউঞ্চিলৰ দিপক দত্তই চৰকাৰী পৃষ্ঠ পোষকতাত অহৰহ অসমীয়া তথা আঞ্চলিক চলচ্চিত্র চলি থাকিব পৰাকৈ দুখন স্কৃন থকা মিনি ছবি গৃহ নিৰ্মাণৰ বাবে মত প্ৰকাশ কৰে। বিদ্যালয় পৰ্যায়ত কমেও ১০ নম্বৰৰ চলচ্চিত্র বিষয়ৰ পাঠ্য ক্ৰমৰ অন্তর্ভুক্তিকৰণ, ড০ ভূপেন হাজৰিকা চলচ্চিত্র আৰু টেলিভিশন প্ৰতিষ্ঠানত চিত্র নাট্য লিখা পাঠ্যক্ৰম তথা তথ্য চিত্র নিৰ্মাণৰ বিষয় অন্তর্ভুক্ত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়।
অভিনেতা তৌফিক ৰহমানে সম্প্ৰতি অসমত অসমীয়া ছবি চলাবলৈ মাত্র ২৫ টা চেন্টাৰ থকাৰ কথা উল্লেখ কৰি ছবিগৃহ নিৰ্মাণৰ বিষয়টোত জোৰ দিয়ে।বিদেশৰ চলচ্চিত্র মহোৎসৱত অংশ গ্রহন কৰিবলৈ যোৱা অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজকক
আৰ্থিক অনুদান চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱাৰ বিষয়ে মত প্ৰকাশ কৰে পৰিচালক জয় সিং জয় দহোতিয়ায়।
ছবি গৃহৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মাই চলচ্চিত্রক এক উদ্যোগ হিচাবে ঘোষণা কৰাৰ সপক্ষে মত প্ৰকাশ কৰাৰ লগতে প্ৰতিটো টিকটৰ ওপৰত থকা ৰাজ্যিক জিএছ টিৰ অংশৰ ৯শতাংশ প্ৰযোজকক ওভটাই দিয়াৰ বাবে পৰামৰ্শ আগবঢ়ায়। বৰ্তমানৰ চলচ্চিত্র নীতিৰ প্ৰয়োজনীয় সংশোধনৰ বাবে এখন উপ সমিতি গঠনৰো আলোচনা চক্র খনত পোষকতা কৰা হয়। ইয়াত চলচ্চিত্র নিৰ্মাতা চন্দ্র মুদৈ,ৰাজেন দাস, সাংবাদিক বিতোপন বৰবৰা, পৰিচালিকা ববীশৰ্মা বৰুৱা,প্ৰযোজক সঞ্জীব নাৰায়ণ আদিয়েও চলচিত্র নিৰ্মাণৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা আগবঢ়ায়। শেষত সাংস্কৃতিক মন্ত্রী বিমল বড়াই এই দিশত অধিক আলোচনাৰ পোষকতা কৰি পৰবৰ্তী পৰ্যায়ত চলচ্চিত্রৰ সৈতে জড়িত বিভিন্ন সংস্থাৰ সৈতে পৃথকে পৃথকে আলোচনা কৰাৰ কথা ব্যক্ত কৰে।
আলোচনা চক্র খনৰ আৰম্ভণিতে অসম ৰাজ্যিক চলচ্চিত্র আৰু বিত্ত উন্নয়ন নিগমৰ পৰিচালন সঞ্চালিকা মণিদিপা বৰকটকী য়ে চৰকাৰৰ বৰ্তমানৰ নচলচ্চিত্র নীতি সন্দৰ্ভত বক্তব্য দাঙি ধৰে। আলোচনা চক্র খনিত অসম ৰাজ্যিক চলচ্চিত্র আৰু বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংস্কৃতিক বিভাগৰ সচিব লয়া মাদুৰীও উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.