পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তবর্তী বৃহত্তৰ ৰাণী অঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণে ভীষণ সমস্যাৰ সৃষ্টি কৰি আহিছে। বিগত এটা দশকত হাতী – মানুহৰ সংঘাটৰ ফলত পুৰুষ – মহিলা নিৰ্বিশেষে কেবাজনো নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ – দুৱাৰসহ সা- সম্পত্তি , খেতি – বাতিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বছৰ বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত সীমান্তবাসী ৰাইজে সুঁৱৰিছে ত্রাহি মধুসূধন। এই সমস্যাৰ পৰা ৰাইজক কিছু সকাহ দিয়াৰ লক্ষ্যৰে আগবাঢ়ি আহিছে “উই ফাউণ্ডেশ্যন ইণ্ডিয়া” , “লাছা শ্বেয়াৰ এণ্ড কেয়াৰ ফাউণ্ডেশ্যন” নামৰ দুটা অগ্ৰণী অনা চৰকাৰী সংগঠন। দুই জুলাইৰ দিনা দুয়োটা সংগঠনৰ সহযোগত আৰু বন বিভাগৰ ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তত্বাৱধানত হাতী মানুহৰ সংঘাট প্ৰশমন কাৰ্যসূচীৰ অংশ হিচাপে ৰাণীৰ মেঘালয় সীমান্তবৰ্তী মৈৰাপুৰ,নালাপাৰা আৰু সৰুপানী – গাৰোপাৰা অঞ্চলত এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত হাতীৰ বিচৰণ এলেকাত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে পথৰ দাঁতিত কেবাখনো সতৰ্কতামূলক ফলক লগোৱা হয় । এই পথেৰে অহা যোৱা কৰা পথিক আৰু জনসাধাৰণক হাতীৰ বিচৰণৰ বিষয়ে অবগত কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। আনহাতে ফলক লগোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া অশোক কুমাৰ দেৱচৌধুৰী, ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মন, উই ফাউণ্ডেশ্যন ইণ্ডিয়াৰ জেষ্ঠ বিষয়া নীলোৎপল মহন্ত, ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দিনেশ নাথ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা সংগীতা দাসে । অনুষ্ঠানত উদীয়মান কৃষক জোন ৰাভা, আদৰ্শ কৃষক শিৱ ঠাকুৰীয়াকে ধৰি অৰ্দ্ধ শতাধিক কৃষক আৰু ৰাইজ উপস্থিত আছিল।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন