দুবিধ জুতিৰ ৰেচেপি

0 380

আপুনি বাৰু সদায় একেধৰণৰ জুতিৰ খাদ্য খাই ভাল পায়নে? আপোনাৰ সুবিধাৰ অৰ্থে আজি খাদ্য সম্ভাৰ শিতানত আগবঢ়োৱা হ’ল নতুন জুতিৰ কিছুমান খাদ্য ৰেচিপি। আগবঢ়ালে দুলিয়াজানৰ বিদিশা দত্তই

দহিবৰা

IMG-20170715-WA0024

সামগ্ৰী- মাটিদাইল, মগুদাইল, দৈ, জিৰা গুৰি, তেঁতেলিৰ মিঠা চাটনী

প্ৰণালী- প্ৰথমে দুয়োবিধ দাইল তিয়াই বাকলি গুচাই ল’ব লাগে। তাৰপিছত দুয়োবিধ দাইল অলপ নিমখ  দি মিক্সিত পিহি ল’ব লাগে। সেই মিশ্ৰণটো পকৰীৰ আকাৰ দি তেলত ভাজিব লাগে। আন এটা বাচনত অলপমান দৈ নিমখ জিৰাগুৰি, চাটমছলা, জলকীয়াগুৰি মিক্সিত মাৰি পকৰিৰ ওপৰত ঢালি দিব। আৰু তেতেলীৰ মিঠা চাটনীৰ লগত পৰিবেশন কৰিব।

চিজ আৰু পাচলি সৈতে মাছ

IMG-20170715-WA0025

সামগ্ৰী- বিলাহী, কেপচিকাম, মটৰ, চিজ, পিয়াজ, আদা নহৰুৰ পেষ্ট, হালধি,ৰিফাইণ্ড তেল. মাছ।

প্ৰণালী- প্ৰথমে মাছখিনি নিমখ, হালধি সানি ফ্ৰাই কৰি ল’ব। এখন কেৰাহীত তেল দি কটা পিয়াজ আদা নহৰু পেষ্ট কেচাঁ জলকীয়া দি অলপ সময় ভাজিব। ভজা হ’লে বিলাহী কেপচিকাম, মটৰ দি মাছ কেই ডোখৰ দিব। এতিয়া অলপ পানী দি ঢাকোন মাৰি কম জুঁইত সিজিব দিব। আৰু ঠাণ্ডা হ’লে গৰম ভাতৰ লগত পৰিবেশন কৰিব পাৰিব।

বিদিশা দত্ত
বিদিশা দত্ত

Leave A Reply

Your email address will not be published.